Saturday 20 February 2016

মৰমৰ বৰষুণ

       







মৰমবোৰ আজি বৰষুণ হৈ নামিছে |
মোৰ হৃদয়ৰ পাৰ ভাঙি
তোমাৰ হৃদয়খন বুৰাব বিচাৰিছে |
পাৰিবনে তোমাৰ হৃদয়ৰ বান্ধ ভাঙি
প্রেমৰ বান আনিব ???....
ভাবিছো তোমাৰ কথাকে !!!...
আজিও যেন এক সাঁথৰ তুমি মোৰ বাৱে…!!
আজিও নিঃশব্দ ৰাতি বোৰত,
মনত পেলাও তোমাকে !!!
তোমাৰ কথা ভাবি মোৰ বুকুৰে নিগৰিছে হুমুনিয়াহ….!!!
চকুৰে নিগৰিছে চকুপানী…..!!!
হেমোৰ মৰমী প্রেমিকা
যাক কোৱা নহল মোৰ মনৰ কথা ।
যদি কেতিয়াবা লগ পাও জীৱন বাটত,
বনে সময় তোমাৰ শুনিবলে
মোৰ, মোৰ অষ্টগামী হৃদয়ৰ প্রেম গাথা ??...?
নে হেৰাই যাব জীৱন বাটত
মোৰ প্রেম কোনোবা দিনা ???...
আধালিখা হৈ; ব নেকি
মোৰ প্রেম কবিতাৰ চন্দবোৰ !!!..
ইতি হৈ যাব নেকি
মোৰ ইত্যাদি মৰমবোৰ ????...
ভাৱিছো…. মাথো ভাৱিছো….!!!
আৰু এক জটিলতাৰ চক্রবেহুৰ মাজত
সোমাই পৰিছো…..
বৰ কষ্ট….
অ বৰ কষ্ট হৈছে জানা
তুমিহীন জীৱনটো লৈ….
কিয় বাৰু তুমি আতৰি গলা
মোৰ হৃদয় নিভৃত কোনৰ পৰা….
বিষাক্ত বেদনাত আজিও দহিছে মোৰ হৃদয়খন
আহানা এৱাৰ মোৰ ৰোগ্ন হৃদয়ৰ বতৰা লৱলৈ….
সোধানা এৱাৰ কেনে আছো মই ??
মৃত্যু কোলাৰ অতল গহ্বৰত সোমাই পৰিছো মই
লাহে লাহে….
মোৰ ইত্যাদি মৰমবোৰ আজি
ইতি হৈ ইতিহাস হোৱাৰ পথত….
হয়টো তুমি নুবুজাকে
কিম্বা নজনাকে………
ৰূপজ্যোতি



Saturday 6 February 2016