Sunday 15 April 2018

তুমিহীনতাৰ যন্ত্রণা

                       

নুশুধিবা মোক তুমিহীনৰ যন্ত্রণা কিমান ?
তপ্তচকুপানীয়ে দিব মোৰ হৃদয়ৰ খবৰ ,
নিদ্রাহীন নিশাটোক সোধা মোৰ খবৰ !
হিয়াৰ কোনত তুমি সিঁচি দিয়া প্রেম নামৰ যন্ত্রণা |
পাহৰিম বুলিও পাহৰিব নোৱাৰা এক কৰুণ ব্যাথা |

লাহে লাহে খহিপৰা মোৰ হৃদয় নামৰ এটি পঁজা ,
যিটো আছিল তোমাৰ বাবে সঁজা |
সভ্যতাৰ বজাৰত নিলাম হয় মোৰ বিশ্বাস ,
কেতিয়াবা ভুমুকি মাৰিবাহি মোৰ হৃদয়ৰ অন্ধকাৰ গলিত ,
প্রেম নামৰ এটা বেশ্যাই কৰে তাত যৌৱনৰ বেহা |

অনুগ্রহ কৰি নুশুধিবা মোক কেনে আছো মই !
চাই যোৱা উলংগ আত্মাৰ তাণ্ডৱ নৃত্য ,
জীৱনৰ ৰং হেৰাই যোৱা এটা ব্যৰ্থ কবি !
যদি পাৰা দিয়া মৃত্যুৰ আহ্বান ,
আগ্নিশিখাত জাঁহ যাব এটা প্রেমহীন আত্মা |

তুমিহীন ৰাতিবোৰ পাৰ হয়,
কিন্তু কিয় জানো মোৰ এন্ধাৰ দূৰ নহয় !
আজি ব্যৰ্থতাৰ কফিনত শুই আছো ,
য'ত তুমি মাৰিছা বিশ্বাসঘাটকতাৰ গজাঁল |
মৃত্যুৰ আহ্বান শুনিছানে তুমি ?
বুকুতলৈ আঘাট শুই আছো মই ,
অনুগ্রহ কৰি নুশুধিবা মোক কেনে আছো মই !

  ණৰূপজ্যোতি