Friday 17 January 2020

মুক্ত কলম

   












মুক্ত হাতত তুমি বান্ধিব খোজাঁ লোৰ শিকলি,
মুক্ত কণ্ঠ নেলু চেপি ৰোধ কৰিব খোজোঁ তুমি !
তুমি কাঢ়ি লোৱা মোৰ পৰা মোৰেই শিক্ষাভূমি
তোমাৰ বন্দুকৰ গুলীৰ চিনাকী মোৰ শৰীৰৰ,
তোমাৰ হাতত লাঠীয়ে গণতন্ত্ৰৰ ফালে  চাই কৰে অট্টহাস্য !
তুমি ভয়াতুৰ,
তুমি ভয় কৰা হেৰুৱাব তুমি সজা গণতন্ত্ৰ(?)
ভয় কৰা জ্ঞানৰ অগ্নিত যাহ যাব ,
তুমি ' খোজাঁ অজ্ঞানী প্ৰজাৰ দাম্ভিক ৰজা
হয়তো তুমি পাহৰি গৈছা
আমি যে নযুঁজৰ ৰণুৱা।
তুমি জলাই দিয়া জ্ঞানৰ অগ্নিকুণ্ডত জ্বলি জ্বলি সোণ ' আমি,
আমাৰ সোণোৱালী পোহৰেৰে উদ্ভাসিত কৰিম মাতৃভূমি !

ৰূপজ্যোতি

বি.দ্ৰ.: ভাৰতৰ বিশ্ববিদ্যালয় সমূহত চৰকাৰী  বাহিনীৰ আক্ৰমণ চিন্তাৰ বিষয় শেহতীয়াকৈ JNU (জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়) অসাধুচক্ৰৰ আক্ৰমণ আৰু চৰকাৰীপক্ষৰ মৌনতা ভাৰত গণতন্ত্ৰৰ(?) বাবে চিন্তাৰ কাৰক গুৰুত্বপূৰ্ণ কথা শিক্ষিত মানুহে প্ৰতিবাদ কৰে আৰু অশিক্ষিত মানুহে মৌন হৈ ৰয়

Picture courtesy: https://www.theguardian.com/

 Picture courtesy: https://www.theweek.in/
                      

4 comments:

  1. No CAA NO NRC NO MODI NO AMIT SHAH NO BJP NO RSS
    PEOPLE WANT JOB

    ReplyDelete
  2. the people whose fake degree they question on Nobel winner producer JNU. they want to cover up their failure by such controversy. we are the people of india won't accept CAA..

    ReplyDelete
    Replies
    1. I agree with you and thank u for your support

      Delete

Thank you for your love and support.