Friday 26 May 2017

ঠিকনা


আজি তুমিহীনতাৰ জন্ত্রনাত হৃদয়খনে উচুপি উচুপি কান্দিছে ,
পোৱা নপোৱাৰ মাজত তুমি যেন মোৰ পৰা আতৰি আহিছা !

তোমাৰ মৰমবোৰ মোৰ বাবে আজি সাঁথৰ ,
তোমাৰ পৰশত প্রাণ পোৱা জীৱটো আজি ধুসৰ !
কিনো হ'ল জানো,
মোৰ মৰমৰ বাগিচাৰ এপাহি ফুল আজি মৰহি গ'ল ,
সময়ৰ হাতোৰাত চুৰমাৰ হেৱা প্রেমৰ দাপোন ,
পাৰিবা জানো যোৰা লগাব ?.
পাৰিবা জানো আকৌ মোৰ হৃদয়ত ফাগুন নমাব ?.
যদি পাৰা মচি দিয়া মোৰ উষ্ণ চকুপানীবোৰ ,
যদি পাৰা যোৰা লগোৱা মোৰ ঠুনুকা হৃদয়খন !
শব্দবোৰে উচুপি উচুপি কান্দিছে,
দুখৰ মায়াঁজালৰ মাজত আবদ্ধহৈ গতি হেৰাইছে |
পাৰিবা জানো আকৌ সেই শব্দবোৰকলৈ কবিতা লিখিব?
আহিবা জানো আকৌ মোৰ দুখী হৃদয়ত প্রেমৰ ৰং সানিব ?
যদি পাৰা আহিবা,
আজিও ৰৈ আছো মই তুমি হত্যা কৰা আমাৰ প্রেমৰ সমাধিত !
এটুকুৰা ভগ্ন হৃদয়লৈ,
যাৰ নাই কোনো সঠিক ঠিকনা !!!!!!.......
বি.দ্র. : তোমাৰ হাতত.

ණৰূপজ্যোতি

Friday 19 May 2017

সংজ্ঞাহীন











আজি মোৰ ৰঙীন জীৱন ,
ৰং বতাহত ,
ৰং আকাশত,
মোৰ ৰঙেৰে যেন সময়ও ৰঙীন,
সময়বোৰ গতি কৰিছে ধীৰে ধীৰে,
যেন কব বিচাৰে মোক পৰিবৰ্তনৰ গোপন কথা ,
হেৰ শুনিযা বাটৰুৱা মোৰ প্রেম গাঠা ,
চাই যা এই ধুনীয়া পৃথিবীৰ ৰূপ চঞ্চলা |
আবতৰীয়া ফাগুন মনত ,
সকলোৰে মাজটো যেন তুমি এচাটি মলয়া
ৰূক্ষ্য হৃদয়ত আজি বলিছে প্রেমৰ পচোৱা |
শব্দৰ বৰষুণ তাৰ মাজত প্রেম প্রেম লগা কিছুমান কথা ,
ৰঙীন দুনীয়াৰ মাজত আমি,
প্রেম প্রেম লগা সময় বোৰ যৌৱনাময়ী |
তাৰ মাজত সুখী হোৱাৰ সংজ্ঞা বিচাৰি আমি.....!

ණৰূপজ্যোতি

Wednesday 10 May 2017

মা


মা............
অ' মা, আজি বৰ কষ্টত আছো অ' মই ,
আজি দুভৰি ক্রমশঃ থমকিছে দৌৰি দৌৰি,
ক্রূৰ সময়ে জীনটো চুৰমাৰ কৰিছে ,
তুমি দেখোৱা পথটো আজি ধূসৰ হৈ পৰিছে ,
মা, সময় বৰ নিলাজ অ',
তুমি দিয়া জীৱনটো পাৰিম জানো পূৰাব ?
পাৰিম জানো তোমাৰ চকুত দেখা সপোনবোৰ দিঠক কৰিব ?


অ' মা আজি বৰ কষ্টত আছো মই ,
এপলক লোৱানা মোক ,
অলপ মৰম কৰানা মোক ।
আজি অসীম সাগৰত এখন দুবন্ত জাহাজ মই,
যাৰ পৰিধিৰ বাহিৰত জনসমাজ !
মা, তুমি অবিহনে বৰ অকলশৰীয়া মই !
যাৰ নাই কোনো পাৰা-পাৰ,

অ' মা তুমি দিয়া জীৱটো যদি হত্যা কৰো !
পাৰিবা জানো মোক ক্ষমা কৰিব ?
বগা কাপোৰৰ মাজত পাৰিবা জানোঁ মোক চাব ?
শান্তিৰ সমাধি লাগে মোক,
যাৰ কোলাত শুই থাকিম চিৰকাল ।
যদি মৃত্যু এক শিল্প হয় ,
তেন্তে আঁকানা মোৰ মৃত্যুৰ শিল্প ।

অ' মা.....ক'ত তুমি ?
মোক অলপ মৰম কৰা , ধন বুলি আকৌ মাতা!
মৃত্যুৰ কোলাৰ পৰা মোক লোৱা,
মোৰ হৃদয়ৰ দুখবোৰ মচি দিয়া ,
মোক আকৌ জীৱন দিয়া !
তুমিয়ে মোৰ জননী , মোৰ পৃথিৱী ।
অ' মা বৰ কষ্টত আছো অ' মই...বৰ কষ্টত.....

ණৰূপজ্যোতি

Picture courtesy: Toppr.com