Friday 17 November 2017

প্রতিবাদ


জ্বলাই দিয়া সেই স্বাধীনতা,
যদি পৰাধীন হৈ থাকিব বিচাৰা।
ভাঙি পেলোৱা সেই কলম,
যদি লিখিব নোৱাৰা প্রতিবাদৰ ভাষা।
বোবা হোৱা যদি কব নোৱাৰা প্রতিবাদী কথা,
বাকস্বাধীনতা নোহোৱাতকৈ বোবা হোৱাই ভাল।
অসত্য দেখিও যদি প্রতিবাদৰ অগ্নি নজ্বলে,
তেন্তে অন্ধ হোৱা ভাল।
নালাগে তেনে স্বাধীনতা,
যদি কব নোৱাৰি মনৰ কথা !
সপোন দেখোৱা ৰজা,
সপোন দেখা প্রজা।
পৰাধীন আজি স্বাধীনতা !
দেশপ্রেম কৰি কি পালা ?
মৰি মৰি জীয়াই থকা ,
তোমাৰ মৃতদেহৰ ওপৰত যে সাজে ৰাজমহল !
হায় ৰে হায়, দেশতন্ত্র কোনফালে যায় ?
যদি পাৰা সত্য মানি লোৱা।
প্ৰতিবাদী কণ্ঠেৰে কৰি বজ্ৰনিনাদ,
কঁপাই  দিয়া ভণ্ড শাসকৰ ৰাজপ্ৰসাদ।

ৰূপজ্যোতি