Friday 10 April 2020

এটা অসম্পূৰ্ণ গদ্য




লিখিব খুজিও লিখিব পৰা নাই, কলমেৰে নিগৰা নাই মনৰ কথাবোৰ। বিশৃংখল হৈ পৰিছো, নিজৰ মাজতে নিজক বিচাৰিছো। সৌৱা চোৱা হতাশাবোৰে খেদি আহিছে....মই দৌৰিছো মাথো দৌৰিছো.... বন্ধ কোঠাৰ শূণ্যতাবোৰে ৰুকি ৰুকি সোমাই গৈছে মনৰ ভিতৰলৈ। শূণ্যতাবোৰে কিৰীলি পাৰি হাঁহিছে মোৰ ফালে চাই !

এতিয়া মোৰ মনৰ কথা এটা অসম্পূৰ্ণ গদ্য। যান্ত্ৰিক জীৱনে কোঙা কৰি পেলাইছে, কোনেও নুবুজা এটা জীৱনৰ গৰাকী মই, আতৰি আহিছো অনুক্ৰমে নিজৰ পৰা সকলোৰে পৰা। হত্যাৰ বিফল চেষ্টা নিজক, যদিও পৰা নাই! অসুস্থ মই, মানুহৰ মাজতো অকলশৰীয়া মই। এটা অসম্পূৰ্ণ গদ্য মই, কোনেও বুজি নোপোৱা!
ৰংবোৰ হেৰাই গৈছে মনৰ শূণ্যতাত, কলমৰ শব্দবোৰ হেৰাইছে হতাশাত।

মানুহৰ মাজতে সীমাবদ্ধ থাকিও অকলশৰীয়া, ধ্বংসৰ গৰাহত জীৱনৰ গতি। ক্ৰমান্বয়ে স্তিমিত জীৱন লক্ষ্যঃ অসহায় মই, অসহনীয় হৈ পৰিছে জীৱন। বাৰে বাৰে চিঞৰে নিসংতাবোৰে, শব্দহীন অট্টহাস্য কৰে মোৰ ফালে চাই ! দুৰ্বিসহ এই সময় আৰু এটা নষ্ট জীৱনৰ গৰাকী মই। অপেক্ষা কৰিছোঁ সহায়ৰ...এটা অসম্পূৰ্ণ গদ্য সম্পূৰ্ণ কৰিবলৈ...


ৰূপজ্যোতি