Friday 5 February 2021

আধালেখা কবিতা


সময় নামৰ অভিশপ্ত মূহুৰ্তত

নিপীড়িত শব্দৰ অযুত কোলাহল মনত।

বিশৃংখল মগজুত তীব্ৰ কিৰীলি অশৰীৰ আত্মাৰ !

অপ্ৰাপ্তিৰ পৰা শূন্যলৈ এক অসীম যাত্ৰা ,

দুৰ্গম সীমান্তত হেৰাই যায় এটা অমৰ আত্মা।

পোৱা-নোপোৱাৰ দোমোজাত ৰূদ্ধ দুৱাৰ,

পায় হেৰোৱাৰ বেদনাত মগজুত শূন্যতাৰ হাহাকাৰ !

ভঙা কলম, উঁকা কাগজ.....

তথাপিও ৰক্তলিপিৰে কবিতা ৰূপত অন্তিমপাঠ।

শূন্যতাৰ পৰা শূন্যলৈ, 'লাৰ পৰা এন্ধাৰলৈ এক যাত্ৰা।

বিনষ্ট বিকৃত এজন যাত্ৰীৰ মূমুৰ্ষু যাত্ৰা।

নিঃসংগতাৰ অতল গহ্বৰত হেৰাই যোৱাৰ অযুত প্ৰচেষ্টা !

নিশব্দে অসীমত হেৰাই যায় এটা আধালেখা কবিতা।

মৃত আত্মাৰ আবৃত্তি জীৱন নাম সেই অন্তিম কবিতা !

সেয়া চোৱা.....দূৰত কবিৰ শেঁতা হাঁহি.....

জীৱনলৈ তেওঁৰ অন্তিম শ্ৰদ্ধাঞ্জলি.....

 ৰূপজ্যোতি

Picture courtesypetapixel.com

Check out the comment section for translation