Friday 19 July 2019

হেৰোৱা কবিতাৰ শিৰোনামা বিচাৰি


শব্দবোৰে আজি কঠিন শিলহৈ আঘাত কৰিছে মোৰ হৃদয়ত !
কলমেৰে নিৰ্গত হুমুনিয়াহ বোৰৰ লগত খেলি লেখিছো কবিতা
মোৰ হৃদয়ে বুজি নপোৱা এক সাথৰ,
 যাৰ নাম দিছো কবিতা !
উৰুঙা হৃদয়ৰ খোলাত তাৰ প্রতিবিম্বই কৰে লীলা-খেলা
বুজি নাপাওঁ জীৱনৰ অৰ্থ
নষ্ট ৰাতিৰ এক নষ্ট সময়
যাৰ কালচক্ৰত পৰি মোৰ কবিতা বেনামী হয় !
সেই সময়ৰ কুটীলতাত হেৰাই যায়,
  এজন ব্যৰ্থ কবিৰ এটা হতাশ কবিতাৰ শিৰোনামা

ৰূপজ্যোতি



Friday 12 July 2019

অসমম্ভৱ সাধাৰণ মানুহ


ব্যস্ত পথ, ব্যস্ত পথিক
ফুটপাথৰ নগ্নতা বিচৰাৰ সময় নাই আমাৰ ,
উচ্ছ স্বৰত চিঞঁৰে প্ৰতিবাদীয়ে,
হত্যাৰ লীলা দেখুৱাই স্বাধীনতাপ্ৰেমীয়ে ।
সন্ধিয়াৰ বাতৰি চায় গালি দি কওঁ,
হায়ৰে হায় মোৰ অসম কোন দিশে যায় !
কিয়নো সাধা মানুহ যে মই ।

দুখ ব্যৰ্থতাই কোঙা কৰা আমাৰ শৰীৰ,
কিম্বা সোণালী স্বপ্নবোৰ ভাঙি গুৰি হোৱা অতীত ।
তাৰ মাজত আমি মৰি মৰি জীয়াই আছো ,
আকৌ সেই সপোনৰ তাৰণা চিঞৰিছো
সোণৰ অসমৰ নিচাত ৰঙীন সময় ,
মিছা সেই ধৰ্ম,
মিছা সেই সময়

ৰুগ্ন জাতিৰ শৰীৰত অসুৰৰ কোঢ়াল,
ভণ্ড দেৱতা অৰ্থ শোষণৰ চিন্তাত লালকাল
এয়াই সপোন নেকি একবিংশ শতিকাৰ ?
সোণৰ অসম আমাৰ মহাকাল !
তথাপি সপোন দেখো জীয়াই থকাৰ,
সপোন দেখো মাটিৰ অসম গঢ়াৰ
কিয়নো সাধা মানুহ মই,
যাৰ বাবে অসম্ভৱ একো নাই

ৰূপজ্যোতি

Picture courtesy: Xahitya.Org