Friday 6 May 2016

কিছু প্রত্যাশা

                           








লবাৰী কলেজৰ  অনন্যা চক্রৱৰ্তী কেনে আছা তুমি ?
মনত পৰেনে তোমাৰ অতীতৰ সেই দুখৰীয়া স্মৃতিবোৰ ?


আশাৰ হেপেহুৱা বালিঘৰ সজা দিনবোৰ ?

বায়োল'জীৰ টিউচনত প্রথম লগ পাইছিলো তোমাক |

তুমি পঢ়িছিলা বায়োল'জী,
কিন্তু মোৰ হৃদয়ত হৈছিল প্রেম নামৰ কেমিকেল ৰিয়েক্চন |

মোৰ চকুত চকু পৰিলে লাজত মুচকছ গৈছিলা তুমি |

আৰু মোৰ , ভাব্রেইত হৈ গৈছিল বুকুখন !

তোমাৰ আলফুলীয়া হাঁহিৰ মাজত হেৰাই গৈছিলো মই |
প্রতি সন্ধা টিউচনৰ পিচত তোমাৰ পিচলৈছিলো ,
মাত্র তোমাক এবাৰ মতাৰ স্বাৰ্থত !
তোমাৰ জাকৈয়া হাঁহিটো এপলক চোৱাৰ স্বাৰ্থত !
চাগে সেয়াই প্রেম আছিল |
তুমি বুজিছিলা নে নাই মই নাজানো !
কিন্তু মই নকলো ,
তোমাক হেৰোৱাৰ স্বাৰ্থত |
কিয়নো তুমি আছিলা এক কেমেষ্ট্রীৰ জটিল ইকুৱেচন মোৰ বাবে |
কিন্তু আজি !!
তুমি হীনতাৰ যন্ত্রনা বিলাসত দগ্ধ মই |
কেতিয়াৱা বুকুখন বৰকৈ বিষাই তোমাৰ কথা ভাৱি !
আজি দুখৰ পোচাক পিন্ধি মই এজন ব্যৰ্থ প্রেমিক |
বন্ধুবোৰে কয় 'খুলি পেলোৱা এই হতাশাৰ পোচাক' |
কিন্তু কোনেও নুবুজে , নোৱাৰোঁ যে মই তোমাৰ প্রেমৰ পোচাক খুলি উলংগ হব |
জানা অনন্যা, আজিও মই এজন তোমাৰ দুৰ্দান্ত প্রেমিক !
মোৰ প্রেম জীৱন নামৰ নৈত এটা বালিচৰ |
তুমিটো আছিলা মোৰ বালিচৰৰ গৰাকী |
আজিও ৰৈ আছে সেই বালিচৰ তোমাৰ বাবে !
আহিৱানে কেতিয়াৱা তুমি তাত জিৰাঁৱলে ?
ৰৈ থাকিম মই বৰ আশাৰে |

(এটা সত্য ঘটনাৰ আৰৰ কাহিনী , যাৰ ছা-লৈ কলমেৰে নিগৰে কবিতা)

উত্সৰ্গা : নলবাৰী কলেজৰ প্রেমিক বন্ধুবোৰৰ হাতত.....

ৰূপজ্যোতি