Friday 1 May 2020

শব্দৰ প্ৰহেলিকা


 


()
সভ্যতাৰ বজাৰত নিলাম হয় জীৱন,
দেখিও আমি কণা,
শুনিও আমি কলা।
মাথো ' নোৱাৰা একোটা বোবা !

            (
)
উন্মাদ লাচিতৰ তাণ্ডৱ নৃত্য,
খহি যোৱা অসমৰ নগ্ন চৰিত্ৰ !
"জাতীয়তাবাদ"- এটা সুবিধাবাদী বৈশিষ্ট্য।

            (
)
শব্দৰ কোলাহল।
কোন বাটে যায় শব্দবোৰ?
হেৰাই যায় কবিতাৰ মাজত,
জীৱন নামৰ এটি অশ্লীল কবিতা।

            (
)
মনৰ আক্ৰোশ শব্দৰ বিলাপ,
শব্দবিন্যাস মকৰাজালত জীৱনৰ প্ৰলাপ।

            (
)
আৱাশী মনত প্ৰৱাসী চিন্তা,
দ্ৰুত বেগেৰে দৌৰে সপোনৰ ঘোঁৰা।
হাবিয়াস বাস্তৱৰ,
অসম্ভৱ নহয় সপোনৰ ঘোঁৰা।

            (
)
আনৰ মাজত নিজক বিচাৰি,
অনিচ্ছয়তাৰ মাজত খাওঁ হাবাথুৰি।
আত্মপ্ৰেমত মগ্ন জীৱন,
নিত্য নতুন ৰূপত জীৱন।

ৰূপজ্যোতি

Picture courtesy: Pallavi Dhekial Phukan