Sunday 19 August 2018

সম্পৰ্ক


সম্পৰ্কবোৰ আগৰদৰে নাই ,
হয়তো নিজক বিচৰাৰ তাৰনা ,
কিম্বা হেৰোৱাৰ ব্যথা ৷

তুমি নামৰ সত্বাটো বিচাৰিছো বহুবাৰ....
কিন্তু পোৱা নাই সেই সম্পৰ্কত উন্মাদনা ৷
হয়তো সম্পৰ্কবোৰে আগৰদৰে নাই !
এতিয়া হাতৰ স্মাৰ্টফোনে কৰা স্মাৰ্ট মন ,
কিন্তু নাই আগৰ সেই আত্মীয়তা ৷

তোমাক পাহৰিব খোজা বহু দিন হ'ল ।
এতিয়া এৰি আহিছো পুৰণি ভগ্ন চহৰৰ ,
সেই সম্পৰ্কৰ ধ্বংসস্তূপবোৰ ৷
তোমাক পাহৰাৰ প্রয়াসেৰে,
আৰম্ভ কৰিছো নতুন জীৱনৰ ৷

এতিয়া নতুন সম্পৰ্ক কৰিছো নতুনৰ লগত,
তথাপি নাই তাহানিৰ সেই আৱেগ !
কিন্তু কিয় বাৰে বাৰে আমনি কৰে ?
সেই সম্পৰ্কৰ স্মৃতিসৌধবোৰে !

আজি নাই তাহানিৰ সেই অনুভুতি,
আছে মাথো যান্ত্রিক সম্পৰ্ক আৰু জৈৱ প্রেমানুভুতি ৷
এতিয়া এটা ফোনৰ দূৰত্বত আমি,
তথাপি যেন আমি বেলেগ গ্রহৰ প্রাণী !

হয়তো সম্পৰ্কবোৰ আগৰ দৰে নাই ,
এতিয়াৰ তুমি কিম্বা মই স্বাৰ্থলোভী !


 বি.দ্র. : পাহৰি যাওঁ কিন্তু পাহৰণিও মনত পৰে ৷ সময়ৰ লগত আমি দৌৰো, ভাগৰি নপৰালৈ দৌৰো কিন্তু সেই লৰা-ধপৰাৰ মাজত বহু সম্পৰ্ক পিছ পৰি ৰয় , আৰু যেতিয়া পিচলৈ উভতি চাও তেতিয়া দেখো সেই সম্পৰ্কটোৰ মৰাশ ৷

                                       ණৰূপজ্যোতি