Friday 3 July 2020

জীৱনৰ মায়াজাল



                    ()
অব্যক্ত হতাশাত তিক্ত জীৱন পৰিক্ৰমা,
নিৰ্লজ্জ সময়ৰ ক্ৰুৰতাত ব্যৰ্থ হয় পৰিকল্পনা
হিংসাত্মক শূণ্যতাত কম্পিত মনত,
জাগ্ৰত হেজাৰ ব্যৰ্থতাৰ শ্লোগান
নিৰ্মম সত্যৰ কৃষ্ণগহ্বৰত হেৰাই জীৱনৰ গান

                    ()
বিষাক্ত ৰঙৰ মায়াজালত জীৱন বন্দী,
ভাগৰুৱা আজি 'লা ৰঙৰ ৰামধেনু খেদি !
ৰঙীণ সময়ৰ আশাত বিধস্ত সপোন,
অনাকাংক্ষিত আকাংক্ষাত বিব্ৰত জীৱন
ভগ্ন শব্দৰে উষ্ম আৱেগত জীৱনৰ চিঞৰ

                   ()
মনত তিক্ততা, বিষাদৰ ৰং ;
হতভম্ব আজি দেখি তোমাৰ বৰণ !
সভ্যতাৰ বজাৰত তোমাৰ ৰং উপলব্ধ,
কিন্তু মোৰ বিষাদৰ ৰং নহয় সহজলভ্য
'লা সময়ত হেৰাই যায় বৰ্তমান,
সত্যৰ পম খেদি পালোঁ অসত্যৰ উমান

ৰূপজ্যোতি

Picture courtesy: Pallavi Dhekial Phukan

8 comments:

Thank you for your love and support.