Wednesday 10 May 2017

মা


মা............
অ' মা, আজি বৰ কষ্টত আছো অ' মই ,
আজি দুভৰি ক্রমশঃ থমকিছে দৌৰি দৌৰি,
ক্রূৰ সময়ে জীনটো চুৰমাৰ কৰিছে ,
তুমি দেখোৱা পথটো আজি ধূসৰ হৈ পৰিছে ,
মা, সময় বৰ নিলাজ অ',
তুমি দিয়া জীৱনটো পাৰিম জানো পূৰাব ?
পাৰিম জানো তোমাৰ চকুত দেখা সপোনবোৰ দিঠক কৰিব ?


অ' মা আজি বৰ কষ্টত আছো মই ,
এপলক লোৱানা মোক ,
অলপ মৰম কৰানা মোক ।
আজি অসীম সাগৰত এখন দুবন্ত জাহাজ মই,
যাৰ পৰিধিৰ বাহিৰত জনসমাজ !
মা, তুমি অবিহনে বৰ অকলশৰীয়া মই !
যাৰ নাই কোনো পাৰা-পাৰ,

অ' মা তুমি দিয়া জীৱটো যদি হত্যা কৰো !
পাৰিবা জানো মোক ক্ষমা কৰিব ?
বগা কাপোৰৰ মাজত পাৰিবা জানোঁ মোক চাব ?
শান্তিৰ সমাধি লাগে মোক,
যাৰ কোলাত শুই থাকিম চিৰকাল ।
যদি মৃত্যু এক শিল্প হয় ,
তেন্তে আঁকানা মোৰ মৃত্যুৰ শিল্প ।

অ' মা.....ক'ত তুমি ?
মোক অলপ মৰম কৰা , ধন বুলি আকৌ মাতা!
মৃত্যুৰ কোলাৰ পৰা মোক লোৱা,
মোৰ হৃদয়ৰ দুখবোৰ মচি দিয়া ,
মোক আকৌ জীৱন দিয়া !
তুমিয়ে মোৰ জননী , মোৰ পৃথিৱী ।
অ' মা বৰ কষ্টত আছো অ' মই...বৰ কষ্টত.....

ණৰূপজ্যোতি

Picture courtesy: Toppr.com

No comments:

Post a Comment

Thank you for your love and support.