Thursday 21 December 2017

Happy New Year 2018 🎉

Life Is Nothing If It Isn't Hard To Live.
Live Today Like Never Before. 

2017 gave me many experiences, knowledge, and many more. I have a great time with 2017. Time teach me more in LIFE. 

So It's time to thank 2017 and GOD for the beautiful times and memories 😊

WELCOME 2018

Thank you.


Rupjyoti Talukdar

Friday 17 November 2017

প্রতিবাদ


জ্বলাই দিয়া সেই স্বাধীনতা,
যদি পৰাধীন হৈ থাকিব বিচাৰা।
ভাঙি পেলোৱা সেই কলম,
যদি লিখিব নোৱাৰা প্রতিবাদৰ ভাষা।
বোবা হোৱা যদি কব নোৱাৰা প্রতিবাদী কথা,
বাকস্বাধীনতা নোহোৱাতকৈ বোবা হোৱাই ভাল।
অসত্য দেখিও যদি প্রতিবাদৰ অগ্নি নজ্বলে,
তেন্তে অন্ধ হোৱা ভাল।
নালাগে তেনে স্বাধীনতা,
যদি কব নোৱাৰি মনৰ কথা !
সপোন দেখোৱা ৰজা,
সপোন দেখা প্রজা।
পৰাধীন আজি স্বাধীনতা !
দেশপ্রেম কৰি কি পালা ?
মৰি মৰি জীয়াই থকা ,
তোমাৰ মৃতদেহৰ ওপৰত যে সাজে ৰাজমহল !
হায় ৰে হায়, দেশতন্ত্র কোনফালে যায় ?
যদি পাৰা সত্য মানি লোৱা।
প্ৰতিবাদী কণ্ঠেৰে কৰি বজ্ৰনিনাদ,
কঁপাই  দিয়া ভণ্ড শাসকৰ ৰাজপ্ৰসাদ।

ৰূপজ্যোতি  

Wednesday 11 October 2017

সপোনৰ আনামিকা

মোৰ সপোনৰ কোঁৱৰী,
আজি যেন মোৰ চাৰিও ফালে তুমি !
আহি ধৰা দিয়ানা মোৰ হিয়াৰ মাজত তুমি!

আহিছা যেন ফুলৰ মৌৰ মাজৰ পৰা,
আনিছা যেন এক মৌ মিঠা সুবাস !
তোমাৰ দুচকুত বিচাৰি পাও এক নিচা!
তোমাৰ ৰূপ মোৰ হৃদয়ত সচা !

মোৰ সপোনৰ অনামিকা ,
আহি মোৰ হিয়াৰ মাজত ধৰা দিয়ানা !

যাদু, সকলোতে তোমাৰে যাদু !
কাবু, নাইযে হৃদয়ত মোৰ কাবু !
সপোনৰে পৰী ,
কতেনো আছা তুমি ?
কি নাম তোমাৰ যদি পাৰা কোৱা ?
সপোনতে আহা ,
মৰমেৰে মাতা |
মোৰ সপোনৰে আনামিকা ,
তোমাক বিচাৰি আজিযে মই সঁছাকৈ বলিয়া |

ණৰূপজ্যোতি 

Saturday 2 September 2017

যান্ত্রিকতা

                      










হাঁহি ওঁঠৰ , কিয় আজি ধূসৰ ?
নীৰৱ নিশা কাৰ চিঞঁৰ ?....
মায়াভৰা এই নগৰী |

কাৰ কোলাত ,কাৰ উচুপনি ?...
সময়ে ক'ব খোজা হেৰোৱা বহু কাহিনী !
ৰঙীন সময়ত উত্তাপ শৰীৰৰ !
নিলাজ যৌৱন ,

তথাপি হাৰ নমনা এই জীৱন |
হায়ৰে....জীৱন...!!!
মায়া ভৰা জীৱনত ,
এয়া যে সময় সপোনৰ ,


ৰঙীন এই সময়,
ৰঙীন এই জীৱন |
তথাপি গতিশীল এই চহৰ ,
বুকুৰ মাজত সামৰি সুখ-দুখৰ প্রতিটো প্রহৰ |


নিশাৰ মাজটো যেন ৰঙীন সূৰুজ ,
নিষিদ্ধ অভিসাৰৰ পয়োভৰ
য'ত বিলীন শতজন |
কোনোৱে কিনিছে খন্তেকীয়া সুখ জীৱনৰ !
কোনোৱে কিনিছে এসাঁজ ভাত ভোঁকৰ |


তথাপি থমকি নৰয় কঠোৰ সময় ,
গতিশীল মায়াৱী এই নগৰ,
যাৰ হাতোৰাত যন্ত্র মানৱ !

ණৰূপজ্যোতি

Saturday 5 August 2017

মৃত্যু লাগে মোক


         

কেতিয়াবা সময়ে ফাঁকি দিয়ে ,
নিজৰ মাজত বিলীন হ'ব খুজিও বাৰে বাৰে উজুটি খাওঁ |
নোৱাৰো মই এনেদৰে নিজক সহ্য কৰিব ,
মৰি যাম কিজানি শান্তিৰ চাদৰ উৰি |
বগা বগা কাপোৰৰ মাজত শুই ৰ'ম মুক্তি বিচাৰি !
কিয় সপোন বোৰে বাৰে বাৰে খেদে ?.
কিয় জীৱনটো হয় হতাশ ?.
মৃত্যুৰ চাদৰ উৰি ৰক্ষা কৰিম নেকি নিজক !
নিজৰ সমাধিত নিজে কান্দিম ,
মৃত্যুক চুম্বন কৰিম !
পৰাজিত সৈনিক মই |
যদি হয় মৃত্যু অপৰাজেয় তেন্তে ,
মৃত্যু স্বীকাৰ তোমাক !
লৈ যোৱা মোৰ দূৰ-দিগন্তলৈ ,
অশান্তিৰ সমাধিলৈ |

ණৰূপজ্যোতি

Wednesday 5 July 2017

কাব্যশ্রী- তুমি এটি কবিতা


কাব্যশ্রী,
তোমাৰ কবিতাৰ লহৰত উতি যাবলৈ দিয়া , 
শব্দবোৰৰ আঘাতত আহত হ'বলৈ দিয়া ,
তোমাৰ নামত প্রেমৰ কবিতা লিখিবলৈ দিয়া,

আজি তুমি মাথো তুমি, যাৰ পৰশ মায়াৱী,

তোমাৰ সুবাসত মাতাল হয় সময়,
তোমাৰ দেহৰ খলা-বমাই যৌৱনৰ খবৰ কয়,
এটা উচ্ছৃংখল জীৱনৰ গৰাকী মই ,
তুমি মোৰ সপোন , দিঠক কিম্বা গান ,
যাৰ পৰশত লিখিম জীৱনৰ শ্রেষ্ঠ কবিতা |

আজি বলিয়া ফাগুল বলিছে কৃষ্ণচূড়াৰ দেশত ,

ৰঙাহৈ পৰিছে সপোনবোৰ ,
যেন আৱাহনী দিছে আমাৰে প্রেমৰ ,
আহঃ কিযে যৌৱনাময়ী এই সময় ,
তুমি আৰু মই খোজ দিছো নতুন পথত,
নতুন সময়ৰ সংজ্ঞা বিচাৰি |
জানা কাব্যশ্রী,
এয়াযে প্রেমৰ সময়, 
য'ত কেৱল তুমি আৰু মই !!!!

ණৰূপজ্যোতি