Friday 19 July 2019

হেৰোৱা কবিতাৰ শিৰোনামা বিচাৰি


শব্দবোৰে আজি কঠিন শিলহৈ আঘাত কৰিছে মোৰ হৃদয়ত !
কলমেৰে নিৰ্গত হুমুনিয়াহ বোৰৰ লগত খেলি লেখিছো কবিতা
মোৰ হৃদয়ে বুজি নপোৱা এক সাথৰ,
 যাৰ নাম দিছো কবিতা !
উৰুঙা হৃদয়ৰ খোলাত তাৰ প্রতিবিম্বই কৰে লীলা-খেলা
বুজি নাপাওঁ জীৱনৰ অৰ্থ
নষ্ট ৰাতিৰ এক নষ্ট সময়
যাৰ কালচক্ৰত পৰি মোৰ কবিতা বেনামী হয় !
সেই সময়ৰ কুটীলতাত হেৰাই যায়,
  এজন ব্যৰ্থ কবিৰ এটা হতাশ কবিতাৰ শিৰোনামা

ৰূপজ্যোতি



Friday 12 July 2019

অসমম্ভৱ সাধাৰণ মানুহ


ব্যস্ত পথ, ব্যস্ত পথিক
ফুটপাথৰ নগ্নতা বিচৰাৰ সময় নাই আমাৰ ,
উচ্ছ স্বৰত চিঞঁৰে প্ৰতিবাদীয়ে,
হত্যাৰ লীলা দেখুৱাই স্বাধীনতাপ্ৰেমীয়ে ।
সন্ধিয়াৰ বাতৰি চায় গালি দি কওঁ,
হায়ৰে হায় মোৰ অসম কোন দিশে যায় !
কিয়নো সাধা মানুহ যে মই ।

দুখ ব্যৰ্থতাই কোঙা কৰা আমাৰ শৰীৰ,
কিম্বা সোণালী স্বপ্নবোৰ ভাঙি গুৰি হোৱা অতীত ।
তাৰ মাজত আমি মৰি মৰি জীয়াই আছো ,
আকৌ সেই সপোনৰ তাৰণা চিঞৰিছো
সোণৰ অসমৰ নিচাত ৰঙীন সময় ,
মিছা সেই ধৰ্ম,
মিছা সেই সময়

ৰুগ্ন জাতিৰ শৰীৰত অসুৰৰ কোঢ়াল,
ভণ্ড দেৱতা অৰ্থ শোষণৰ চিন্তাত লালকাল
এয়াই সপোন নেকি একবিংশ শতিকাৰ ?
সোণৰ অসম আমাৰ মহাকাল !
তথাপি সপোন দেখো জীয়াই থকাৰ,
সপোন দেখো মাটিৰ অসম গঢ়াৰ
কিয়নো সাধা মানুহ মই,
যাৰ বাবে অসম্ভৱ একো নাই

ৰূপজ্যোতি

Picture courtesy: Xahitya.Org 

Sunday 26 May 2019

নিশাৰ কথাৰে









উজাগৰী ৰাতি কোনে চিঞঁৰে ?
কাৰ হাতোৰাত বন্দী হৰিণী ?
কিয় চিঞঁৰে সহায় বিচাৰি ?
নিজৰ চিনাকি তাইৰ,
কিয় হয় এই ৰাতি অচিনাকি !

ক্ৰূৰ সময় ,
 হিংস্ৰ পশুৰ দাবানল !
কান্দি কান্দি নিঠৰ হয় চকুহাল।
 আপোনজন পৰ হয় ,
ৰাতি এন্ধাৰ মুখাৰ আঁৰত ৰয়।
বগাবোৰ ক'লা হয় ,
মনৰ মানুহজন অচিনাকী হয়।

 কি শুদ্ধ ? কি ভুল ?
  বিচাৰি মনত ধুমুহা বয়।
 তাৰ মাজতে হৰিণী সমাজৰ পুতলা হয় !

আকৌ ৰাতিটো বগা হয় ,
 নিজৰ দুখ পাহৰি হৰিণী ৰঙত ৰঙীলী হয়।

 ණৰূপজ্যোতি

Sunday 24 March 2019

অনামিকা-এটি সুখৰ সংজ্ঞা


সেইদিনা বৰষুণ দিয়া নাছিল,
হয় সেইদিনা বৰষুণ দিয়া নাছিল....
কিন্তু তোমাৰ কাজলী দুচকুৰে ,
বৈ আছিল ধাৰাসাৰ অশ্রূৰ বৰষুণ .

তুমিটো নাছিলা কোনোদিনে ইমান উদাসী ।

পখিলা ৰঙী তুমি চানেকী,
হয়টো মোৰ হৃদয়ৰ সপোন কুঁৱৰী ।
নোৱাৰো দেখিব তোমাক উদাসী !
মোৰ হৃদয়ৰ এচুকত তুমি নামৰ এটি জুগমীয়া সৃষ্টি ।

হয়টো হৱপাৰা তুমি মোৰ বাবে এক সুখৰ পৰিধি,
জীৱনৰ দুখবোৰ হৰিলা এটা হাহিৰ মাজেদি ।
সেয়ে নোৱাৰো দেখিব তোমাৰ দুচকুত চকুপানী ।
যদি সুখৰ সংজ্ঞা হ'লহেঁতেন,
তেন্তে তুমি সেই সংজ্ঞাৰ বাণী ।

কিয়নো হাঁহিৰ মুখাপিন্ধা ?
দুখবোৰ কিয়নো সাঁমৰি থোৱা ?
কিয় নিৰলে বহি চকুলোটোকা ?
মই কি বিচাৰো জানা ?
তুমি নামৰ সত্বাতো এটি সুখৰ সংজ্ঞা হোৱা !

ৰঙীন পখিলী তুমি ।
কিয় আছা আজি দুখৰ পোছাক পিন্ধি ?
আকৌ মেলিদিয়া দুপাখি সুখৰ সংজ্ঞা বিচাৰি ।


ණৰূপজ্যোতি 

Tuesday 12 February 2019

প্রেম নামৰ কবিতা

পাহৰিব নোৱাৰা অতীত, তথাপিও কাৰোৰবাৰ টাইমলাইনে চুই যায় হৃদয়ৰ এটিকোণ !

বন্ধুৱে কয় কিয় নিবিচাৰা সংগিনী,
কিন্তু তেওঁতো নুবুজে মোৰ হৃদয়খনে নাই মোৰ লগত কোনোৱা নতুন সংগীক দিবলৈ !

নোপোৱাৰ দুখ নাই,
পোৱাৰ হেঁপাহ নাই,
তথাপি হিয়াৰ এটাকোণ তোমাৰ নামত !

বন্ধুৱে কয় তুমি পাগল নেকি ?
আৰে বন্ধু তুমিতো নাজানা মই কিমান পাগল প্রেমিক তেওঁৰ,
তেওঁক প্রেম কৰিবলৈ প্রয়োজন নহয় তেওঁৰ !
সমাজে কব পাৰে একপক্ষীয় প্রেম মানে ব্যৰ্থতা ,

কিন্তু সমাজেতো নাজানে মোৰ প্রেম মই ভগাব নালাগে দুজনৰ মাজত !
মই আৰু মোৰ প্রেম জীৱনৰ বাটত মোৰ লগৰী !
তথাপিও নিবিচাৰো তোমাৰ সঁহাৰি ,

কিয়নো মই জানোঁ তুমিহীনতা মানে অতি বেছি নিদ্রাহীন মোৰ ৰাতি !
কিম্বা দুচকুৰ চকুপানী বা এটা দিশহীন কবিৰ অকবিতাৰ পংক্তি !

                                   ණৰূপজ্যোতি

Tuesday 1 January 2019

Happy New Year 2019 🎉


 Time travels faster than we think, As life goes on we learn new things. We fail, we win but we never give up.  Finally the end of a year with lots of things, some good memories and some bad too.
But it's time to say goodbye to 2018Thanks 2018 for taught me lots of things, It's a mysterious year. Thank you, God, thanks to all.

Now, cheers for 2019🎉, with the blessings of god let's start this year with some new thoughts and hopes.




Happy New Year 2019 🎉🎆🎁


May God bless you all 


 Rupjyoti Talukdar