Friday 17 January 2020

মুক্ত কলম

   












মুক্ত হাতত তুমি বান্ধিব খোজাঁ লোৰ শিকলি,
মুক্ত কণ্ঠ নেলু চেপি ৰোধ কৰিব খোজোঁ তুমি !
তুমি কাঢ়ি লোৱা মোৰ পৰা মোৰেই শিক্ষাভূমি
তোমাৰ বন্দুকৰ গুলীৰ চিনাকী মোৰ শৰীৰৰ,
তোমাৰ হাতত লাঠীয়ে গণতন্ত্ৰৰ ফালে  চাই কৰে অট্টহাস্য !
তুমি ভয়াতুৰ,
তুমি ভয় কৰা হেৰুৱাব তুমি সজা গণতন্ত্ৰ(?)
ভয় কৰা জ্ঞানৰ অগ্নিত যাহ যাব ,
তুমি ' খোজাঁ অজ্ঞানী প্ৰজাৰ দাম্ভিক ৰজা
হয়তো তুমি পাহৰি গৈছা
আমি যে নযুঁজৰ ৰণুৱা।
তুমি জলাই দিয়া জ্ঞানৰ অগ্নিকুণ্ডত জ্বলি জ্বলি সোণ ' আমি,
আমাৰ সোণোৱালী পোহৰেৰে উদ্ভাসিত কৰিম মাতৃভূমি !

ৰূপজ্যোতি

বি.দ্ৰ.: ভাৰতৰ বিশ্ববিদ্যালয় সমূহত চৰকাৰী  বাহিনীৰ আক্ৰমণ চিন্তাৰ বিষয় শেহতীয়াকৈ JNU (জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়) অসাধুচক্ৰৰ আক্ৰমণ আৰু চৰকাৰীপক্ষৰ মৌনতা ভাৰত গণতন্ত্ৰৰ(?) বাবে চিন্তাৰ কাৰক গুৰুত্বপূৰ্ণ কথা শিক্ষিত মানুহে প্ৰতিবাদ কৰে আৰু অশিক্ষিত মানুহে মৌন হৈ ৰয়

Picture courtesy: https://www.theguardian.com/

 Picture courtesy: https://www.theweek.in/
                      

Wednesday 1 January 2020

Happy New Year 2020 🎉


ৰং জীৱনৰ, ৰং কলা-বগা।
তাৰ মাজত সময় হেৰায় যোৱা, জীৱন তৃষ্ণা মৰুভুমিৰ মৰিচিকা, আৰু এয়া সময় মৰিচিকা খেদি ফুৰা !

So now it's the end of 2019, a great year for me, collected lots of experiences, made new friends, and connection. Thank God and everyone for enjoying such a great year with me. Ending of a great era of my life 2010-19 🎊🎉




Welcome to a new era with lots of hope and dreams. And now cheers for 2020🎉, with the blessings of god let's start this year with some new thoughts and hopes 🙂🎉🎊



Welcome to the new age of 2020 🎆
May God bless you all 🤘
        Rupjyoti Talukdar






Happy New Year 2020  🎉🎆🎁

Tuesday 10 December 2019

আমাৰ প্ৰতিবাদ


আমাৰ প্ৰতিবাদ বোৰ....
কি পালে প্ৰতিবাদ কৰি ?
জুয়ে পুৰি নিয়া ক্ৰূৰ অতীত !
পাহৰি পেলালে কিজানি সময়ৰ গতিত !
আপোনাৰ প্ৰতিবাদবোৰ যে নিমিত্ত,
আপোনাৰ জাতিপ্ৰেম স্বাৰ্থনিগ্ধ।
নিজক এবাৰ সোধক কাৰ বাবে এই প্ৰতিবাদ ?
আপুনিও হয়টো প্ৰতিবাদ কৰিছে কিবা পোৱাৰ আশাত !
আপোনাৰ মনত আছেনে জুয়ে পুৰা ৮৩,
হয়তোবা আপুনি পাহৰিলে কিজানি !
আমাৰ নেতা আজি শাসনতন্ত্ৰৰ অভিনেতা,
শ্বহীদৰ তেজ বেচি আজিও আমাক ভুলোৱা।
সোধক সেই বুকু সুদাহোৱা মাতৃক,
নাইবা ঘৰ জলি ছাই হোৱা পিতৃক,
তেওঁলোকে আপোনাক কব প্ৰতিবাদৰ আচল সংজ্ঞা।
আপোনাৰ জাতীয় সত্বাক আনে কৰে উপলুঙা।
আপুনি পাহৰি পেলাই জাতীয়তা পালে সুবিধা।
আপোনাৰ অধিকাৰ নাই প্ৰতিবাদ কৰা !
কিয়নো আপুনি স্বাৰ্থলোভী প্ৰতিবাদী,
আপুনিও হ'ব খোজে অভিনেতা দি কেচাঁ তেজৰ বলি.....!


ණৰূপজ্যোতি

বি.দ্ৰ.: গণন্ত্ৰত ভোটাধিকাৰে হ'ল জন-গণৰ হাতত থকা প্ৰতিবাদী অস্ত্ৰ, আৰু সেই অস্ত্ৰৰ অসমৰবাসীয়ে ভুল ব্যৱহাৰৰ কৰিলে ২০১৯ৰ লোকসভা আৰু পঞ্চায়ত নিৰ্বাচিত। শাসকীয় চৰকাৰৰ মূখ্য দলটোৱে নিজৰ নিৰ্বাচনী প্ৰচাৰপত্ৰত সেই দলটো জিকিলে "নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৯"(CAB-2019) বলবধ কৰিব বুলি কোৱাৰ পিছতো অসমীয়াই সেই দলটোক সংখ্যাগৰিষ্ঠ কৰি আকৌ শাসনভাৰ দিছিল, এতিয়া চৰকাৰে CAB-2019 প্ৰবৰ্তন কৰিবলৈ যোজনা কৰাত আমি যি প্ৰতিবাদ কৰিছো সেই প্ৰতিবাদ কৰাৰ যোগ্যতায়ে আমাৰ নাই। আজি আমি চিঞঁৰিছো অসম বন্ধ দিছো কাইলৈ আকৌ নতুন কিবা এটালৈ ব্যস্তহৈ পৰিছো, আমাৰ প্ৰতিবাদবোৰ তেনেকুৱাই। আচলতে অসমীয়া এটা মেৰুদণ্ডহীন জাতি। আমাৰ জাতীয়সত্বা ধানখেৰৰ জুইৰ লেখীয়া, সচাঁকৈয়ে আমি কিজানি ভাৰতৰ(?) আতাইতকৈ দুখীয়া আৰু স্বাভিমানহীন জাতি !
সময় এতিয়াও পাৰ হোৱা নাই, এইবাৰ ব্যক্তিগত স্বাৰ্থ ত্যাগ কৰি একত্ৰিত অসমীয়াজাতি হৈ CAB-2019 ৰ প্ৰতিবাদ কৰিব পাৰিবনে আপুনি ?

First Picture courtesy: NorthEastIndia24.com



Friday 25 October 2019

That Feeling













I can feel you in my arms,
You are still inside me,
I can't forget your smile,
Can't raid of your sweet smells.
When I close my eyes,
I can feel you as I kissed you.
You belong to me!
You are my long hug,
With you, that was my longest night.
I can't over at you,
As we are merging with love!

  Rupjyoti

Picture courtesy: kelarujart.wordpress.com

Friday 27 September 2019

ৰাতিৰ কেনভাচ




সুপ্ত ৰাতিৰ গুপ্ত সময়,
শূন্যত ভাহি অহা এটা চিঞঁৰ !
যাযাবৰী মনে বাৰে বাৰে আমনি কৰে,
কাৰ চিঞঁৰ ?
যেন এক চেপা আৰ্তনাদ বহুদিনৰ !
উষ্ণ শৰীৰৰ মাজত হিম চেঁচা মাতৰ বিলাপ,
যৌনতাৰ আবুৰত হেৰাই যায় মনৰ আলাপ।
কি সঁচা ? কি মিছা ?
বুজিবলৈ নাই যে কাৰো একাগ্ৰতা
তীব্ৰ চিঞঁৰ হেৰাই যায় কালৰাতিৰ গৰাহত,
ভদ্ৰ মুখবোৰ অভদ্ৰ হয় ৰাতিৰ এন্ধাৰত
কুটিল সময়ে গিলি থয় চিঞঁৰবোৰ,
জাগ্ৰত মনৰ এন্ধাৰ কোণত হেৰাই বিষাদবোৰ !

ৰূপজ্যোতি

Picture courtesy: kelarujart.wordpress.com

Friday 6 September 2019

তুমি আৰু মই



ভাললগা সময়বোৰ,
তেনেকৈয়ে পাৰহৈ যায় আমাৰ ভাল লগা সময়বোৰ,

তুমি কোৱা মই শুনো,
তোমাৰ মৰমৰ আব্দাৰবোৰৰ মাজত মই বিলীন হৈ পৰো
এতিয়া মোৰ প্ৰতিটো উজাগৰি নিশা তোমাৰ নামত
জীৱন প্ৰতিটো দিনেই তোমাৰ ল‌গত।

তুমি, তুমি মোৰ সুখৰ সংজ্ঞা,
মোৰ ৰু‌ক্ষ হৃদয়ৰ অশ্ৰূ কণিকা !
তুমি মোৰ ভাল লগা সময়,
যাৰ বাবে আজি সজীৱ মই !
তুমি আছিলা বহুদিনৰ অচিন চিনাকি,
সোমালাহি মোৰ বুকুৰ মাজত মৰমেৰে আহি

তুমি মোৰ সপোন কুঁৱৰী !
আমাৰ প্ৰেম মন্দিৰৰ তু্‍‍‍মি দেৱদাসী
কাজলসনা দুচকুৰে কিনো কোৱা ?
হয়তো দিয়া আমাৰে প্ৰেমৰ বতৰা ।
মোৰ ভাললগা সময়ৰ ৰামধেনু তুমি,
সাতৰঙী ৰামধেনু আমাৰ প্ৰেমৰ সৃষ্টি।

বি.দ্র. : তোমাৰ হাতত  মৰমেৰে এই কবিতাটো দিলো ।

ৰূপজ্যোতি


Picture courtesy: kelarujart.wordpress.com