Saturday 15 August 2020

গণতন্ত্ৰ


মেকিং কৰি ব্রেকিং কৰা নিউজৰ পৃথিবীত আমি,

সত্য বিচাৰি খাওঁ হাবাথুৰি,

সকলো ফালে মাথো অসত্যৰ ছায়া-ছবি

এয়া নেকি গণতন্ত্রত অধিকাৰ ?

' ন্যায় বিচাৰি জনগণে কৰে হাহাকাৰ

স্বাধীন ৰাষ্ট্ৰত পংগু স্বাধীনতা,

নিজৰ প্ৰাপ্য বিচাৰি  ভাগৰুৱা জনতা !

কালসৰ্প ৰূপত শাসক,

অন্ধ ন্যায়ালয় হয় নিঠৰ !


ক্ষুধাতুৰৰ কাতৰ বিননি,

দাম্ভিক শাসকৰ মিছা প্ৰতিশ্ৰুতি

মাজনিশা কাৰ চিঞঁৰ ?

কাৰো হাতত নাই খবৰ

বিলাতী সুৰাৰ নিচাত ৰঙীন সময়,

মিছা দেশ প্ৰেম, মিছা এই সময়

ৰুগ্ন সমাজত কিহৰ কোলাহল ?

এয়াটো এক অসত্যৰ দাবানল,

' গণতন্ত্ৰ এক বেশ্যা, ভণ্ড শাসকৰ

 

ৰূপজ্যোতি


Picture courtesyNituparna Rajbongshi


বি.দ্ৰ.: স্বাধীনতা(?) দিৱসৰ শুভকামনা জ্ঞাপন কৰিলো, স্বাধীনতাৰ বুজ লওঁতে আমাৰ ৭৪ বছৰ গ' কিন্তু অনিয়ম অনাচাৰহে নগল। এয়া কি স্বাধীনতা'ত সমঅধিকাৰ নাথাকে, গণতন্ত্ৰ মূল্য নাথাকে, বুজি নাপাওঁ এয়া কেনেকুৱা স্বাধীনতা !

2 comments:

Thank you for your love and support.