Friday 26 March 2021

আলিংগন

মোৰ সপোন তুমি, মোৰ হেপাঁহ তুমি,

মোৰ ৰঙীন ৰামধেনুৰ ৰং তুমি !

মোৰ কল্পনাৰ তুমি জ্যোতি প্ৰকাশ,

ৰিক্ততাৰ মাজত তুমি প্ৰেমৰ বাৰ্তালাপ।

প্ৰেমৰ বিচ্ছুৰিত বৰ্ণালীত আমাৰ আলিংগন,

তোমাৰ মাজতে নিজকে কৰিছোঁ আত্মসমৰ্পণ!

ফাগুনৰ ৰঙেৰে ৰাঙলী কৰিছোঁ তোমাক,

দুয়োৰে মাজত ফুলিছে এপাহি প্ৰেমৰ ৰঙা গোলাপ!

ভাললগা সময়ত নিৰৱতাৰ উষ্ম আলিংগন,

কামনাৰ অগ্নিত জ্বলি উঠে প্ৰেমৰ আভৰণ !

প্ৰেমৰ এই যাত্ৰাত সম্পূৰ্ণ হয় দুটা উন্মাদিনী মন।

নামি আহে আকাশীগংগা ধৰি ৰামধেনুৰ আচল ! 


ৰূপজ্যোতি

Picture courtesyPallavi Dhekial Phukan

Check out the comment section for translation 

16 comments:

  1. Translation-->

    “Affinity of Embrace”

    My dream is you, you’re my enamoured compulsion.
    You’re the brightest colour of my colourful rainbow!
    My imagination leads to your exotic perception,
    You’re an exquisite love conversation in the midst of emptiness.
    We're embracing in the scattered streams of love,
    I've surrendered myself in your midst!
    The red rose of love blossoms between the two of us!
    I've delighted you with the colour of our love compulsion.
    A warm embrace of affinity at the rumination silence of time.
    The love of us burned in the fire of concupiscence!
    The journey of love completed by two infatuated minds.
    Travelling toward the rainbow by embracing together!

    ණ Rupjyoti

    ReplyDelete
  2. Beautiful lines

    ReplyDelete

Thank you for your love and support.