Friday 21 May 2021

ৰুগ্ন প্ৰহৰী


মৃত্যুৰ কিৰিলীত কম্পিত জনতা,
    বিষাদৰ ৰক্তক্ষৰণ মৃত্যু হয় মানৱতা !
      মৃত্যু নামৰ শিল্প আজি দুষ্প্ৰাপ্য।
        ক্ষমতাৰ ৰাগীত মতলীয়া ৰাজনেতা,
          মানুহৰ জীৱনক লৈ বহিছে জুৱাৰ আদ্দা !
            উলংগ ৰাজনেতাৰ ধৰ্ষণ স্বাধীনতাক,
              জৰ্জৰিত গণতন্ত্ৰ আজি ধূলিসাৎ!
                বিপৰ্যয়ৰ মাজতে বিমূৰ্ত জনগণৰ কাতৰ বিননী,
                  শুনিবলৈ আহৰি নাই লুপ্ত গণতন্ত্ৰৰ সুপ্ত প্ৰহৰীৰ‌।
                    মহান গণতন্ত্ৰৰ পংগু শাসনতন্ত্ৰ,
                      আত্মবিভোৰ প্ৰহৰীৰ মানৱতা ধংসযজ্ঞ!
                        সুদীৰ্ঘ ত্যাগ পৰিক্ৰমাৰ পৰিণতি এই গণতন্ত্ৰ,
                          আজি জনগণৰ ৰক্তেৰে ৰঞ্জিত
                            অকাল মৃত্যুৰ কোলাহলত কম্পিত !
                              আত্মগৌৰৱী প্ৰহৰীয়ে হত্যা কৰে জনতাক,
                                হীম শীতল শৰীৰে আত্মসন্মান বিছাৰি কৰে হাহাকাৰ!
                                  এয়াই জানো সপোন আছিল আমাৰ অগ্ৰজৰ ?
                                    স্বাধীনতা আজি শ্যো-পিচ সংগ্ৰহালয়ৰ।
                                      নিলাম কৰি জনতাৰ সপোন,
                                        প্ৰহৰীৰ ব্যস্ত সপোন নগৰী নিৰ্মাণত।
                                          বিকৃত গণতন্ত্ৰ প্ৰতিটো স্তম্ভ চূৰ্ণ-বিচূৰ্ণ,
                                            বজাৰত উঠিছে মানৱ জীৱনৰ মূল্য !
                                              চৌদিশ স্তব্ধ মৃত্যুৰ কিৰিলীত,
                                                শ্মশানত চিতাৰ অগ্নিত যাহ যায় মানুহৰ কাতৰ বিননী!

                                                No comments:

                                                Post a Comment

                                                Thank you for your love and support.