Friday 6 May 2016

কিছু প্রত্যাশা

                           








লবাৰী কলেজৰ  অনন্যা চক্রৱৰ্তী কেনে আছা তুমি ?
মনত পৰেনে তোমাৰ অতীতৰ সেই দুখৰীয়া স্মৃতিবোৰ ?


আশাৰ হেপেহুৱা বালিঘৰ সজা দিনবোৰ ?

বায়োল'জীৰ টিউচনত প্রথম লগ পাইছিলো তোমাক |

তুমি পঢ়িছিলা বায়োল'জী,
কিন্তু মোৰ হৃদয়ত হৈছিল প্রেম নামৰ কেমিকেল ৰিয়েক্চন |

মোৰ চকুত চকু পৰিলে লাজত মুচকছ গৈছিলা তুমি |

আৰু মোৰ , ভাব্রেইত হৈ গৈছিল বুকুখন !

তোমাৰ আলফুলীয়া হাঁহিৰ মাজত হেৰাই গৈছিলো মই |
প্রতি সন্ধা টিউচনৰ পিচত তোমাৰ পিচলৈছিলো ,
মাত্র তোমাক এবাৰ মতাৰ স্বাৰ্থত !
তোমাৰ জাকৈয়া হাঁহিটো এপলক চোৱাৰ স্বাৰ্থত !
চাগে সেয়াই প্রেম আছিল |
তুমি বুজিছিলা নে নাই মই নাজানো !
কিন্তু মই নকলো ,
তোমাক হেৰোৱাৰ স্বাৰ্থত |
কিয়নো তুমি আছিলা এক কেমেষ্ট্রীৰ জটিল ইকুৱেচন মোৰ বাবে |
কিন্তু আজি !!
তুমি হীনতাৰ যন্ত্রনা বিলাসত দগ্ধ মই |
কেতিয়াৱা বুকুখন বৰকৈ বিষাই তোমাৰ কথা ভাৱি !
আজি দুখৰ পোচাক পিন্ধি মই এজন ব্যৰ্থ প্রেমিক |
বন্ধুবোৰে কয় 'খুলি পেলোৱা এই হতাশাৰ পোচাক' |
কিন্তু কোনেও নুবুজে , নোৱাৰোঁ যে মই তোমাৰ প্রেমৰ পোচাক খুলি উলংগ হব |
জানা অনন্যা, আজিও মই এজন তোমাৰ দুৰ্দান্ত প্রেমিক !
মোৰ প্রেম জীৱন নামৰ নৈত এটা বালিচৰ |
তুমিটো আছিলা মোৰ বালিচৰৰ গৰাকী |
আজিও ৰৈ আছে সেই বালিচৰ তোমাৰ বাবে !
আহিৱানে কেতিয়াৱা তুমি তাত জিৰাঁৱলে ?
ৰৈ থাকিম মই বৰ আশাৰে |

(এটা সত্য ঘটনাৰ আৰৰ কাহিনী , যাৰ ছা-লৈ কলমেৰে নিগৰে কবিতা)

উত্সৰ্গা : নলবাৰী কলেজৰ প্রেমিক বন্ধুবোৰৰ হাতত.....

ৰূপজ্যোতি 

Friday 8 April 2016

কিছু পাগল মই



               

আজি ৰাতিয়ে যাব পাৰো তোমাৰ ওচৰলৈ ।

দিৱ পাৰো আমাৰ প্রেমৰ সৰ্বোত্তম উপহাৰ ।


নিসিদ্ধ ৰাতিত জাগি উঠা কিছু কেচা মৰম ।


যাৰ চুমা পৰশত ফুলিব এপাহি তেজ ৰঙা গোলাপ !!!!


কিছু পাগল মই, জানানে ?????.....

তুমি মোৰ হৃদয়ৰ ভাৰ্জিন ।

তোমাৰ যৌৱনৰ নিচাত মাতাল হওঁ মই ।


কি কৰিবা নষ্ট ল'ৰা যে মই !!!...
..

 ৰূপজ্যোতি 

Saturday 20 February 2016

মৰমৰ বৰষুণ

       







মৰমবোৰ আজি বৰষুণ হৈ নামিছে |
মোৰ হৃদয়ৰ পাৰ ভাঙি
তোমাৰ হৃদয়খন বুৰাব বিচাৰিছে |
পাৰিবনে তোমাৰ হৃদয়ৰ বান্ধ ভাঙি
প্রেমৰ বান আনিব ???....
ভাবিছো তোমাৰ কথাকে !!!...
আজিও যেন এক সাঁথৰ তুমি মোৰ বাৱে…!!
আজিও নিঃশব্দ ৰাতি বোৰত,
মনত পেলাও তোমাকে !!!
তোমাৰ কথা ভাবি মোৰ বুকুৰে নিগৰিছে হুমুনিয়াহ….!!!
চকুৰে নিগৰিছে চকুপানী…..!!!
হেমোৰ মৰমী প্রেমিকা
যাক কোৱা নহল মোৰ মনৰ কথা ।
যদি কেতিয়াবা লগ পাও জীৱন বাটত,
বনে সময় তোমাৰ শুনিবলে
মোৰ, মোৰ অষ্টগামী হৃদয়ৰ প্রেম গাথা ??...?
নে হেৰাই যাব জীৱন বাটত
মোৰ প্রেম কোনোবা দিনা ???...
আধালিখা হৈ; ব নেকি
মোৰ প্রেম কবিতাৰ চন্দবোৰ !!!..
ইতি হৈ যাব নেকি
মোৰ ইত্যাদি মৰমবোৰ ????...
ভাৱিছো…. মাথো ভাৱিছো….!!!
আৰু এক জটিলতাৰ চক্রবেহুৰ মাজত
সোমাই পৰিছো…..
বৰ কষ্ট….
অ বৰ কষ্ট হৈছে জানা
তুমিহীন জীৱনটো লৈ….
কিয় বাৰু তুমি আতৰি গলা
মোৰ হৃদয় নিভৃত কোনৰ পৰা….
বিষাক্ত বেদনাত আজিও দহিছে মোৰ হৃদয়খন
আহানা এৱাৰ মোৰ ৰোগ্ন হৃদয়ৰ বতৰা লৱলৈ….
সোধানা এৱাৰ কেনে আছো মই ??
মৃত্যু কোলাৰ অতল গহ্বৰত সোমাই পৰিছো মই
লাহে লাহে….
মোৰ ইত্যাদি মৰমবোৰ আজি
ইতি হৈ ইতিহাস হোৱাৰ পথত….
হয়টো তুমি নুবুজাকে
কিম্বা নজনাকে………
ৰূপজ্যোতি



Saturday 6 February 2016

Thursday 31 December 2015

Happy New Year 2016




Wishing A Very Very Happy New Year TO Our All Reader

    Rupjyoti Talukdar  


Saturday 12 December 2015

মনৰ কথা



 সাহিত্য হৈছে এটা জাতিৰ দাপোন, সাহিত্য  অবিনে জাতি এটাৰ বৰ্তমান বা ভৱিষ্যত বুলিৱলৈ একো নাথাকিৱ ।

 নৱপ্রজন্মৰ জন প্ৰতিনিধী হিচাপে এই Blogger বা অন্যান্য মাধ্যমৰ জৰিয়তে অসমীয়া ভাষা-সাহিত্যৰ চৰ্চা  কৰিছো l

সকলোৱে আমাৰ এই প্রচেষ্টাত সহায় কৰিৱ বুলি আশা কৰিলো। কিবা ভুল হ'লে মৰমেৰে শুধৰাই দিব বুলি আশা কৰিলো । আপোনালোকৰ আশীৰ্বাদৰ আশাৰে....।

একবিংশ শতিকাত  অসমীয়া সাহিত্য় ভালপোৱা অসমীয়াৰ হাতত ।


ধন্য়বাদ,



Rupjyoti Talukdar

(Team Rupjyoti-ৰূপজ্য়োতি)