Wednesday 10 May 2017

মা


মা............
অ' মা, আজি বৰ কষ্টত আছো অ' মই ,
আজি দুভৰি ক্রমশঃ থমকিছে দৌৰি দৌৰি,
ক্রূৰ সময়ে জীনটো চুৰমাৰ কৰিছে ,
তুমি দেখোৱা পথটো আজি ধূসৰ হৈ পৰিছে ,
মা, সময় বৰ নিলাজ অ',
তুমি দিয়া জীৱনটো পাৰিম জানো পূৰাব ?
পাৰিম জানো তোমাৰ চকুত দেখা সপোনবোৰ দিঠক কৰিব ?


অ' মা আজি বৰ কষ্টত আছো মই ,
এপলক লোৱানা মোক ,
অলপ মৰম কৰানা মোক ।
আজি অসীম সাগৰত এখন দুবন্ত জাহাজ মই,
যাৰ পৰিধিৰ বাহিৰত জনসমাজ !
মা, তুমি অবিহনে বৰ অকলশৰীয়া মই !
যাৰ নাই কোনো পাৰা-পাৰ,

অ' মা তুমি দিয়া জীৱটো যদি হত্যা কৰো !
পাৰিবা জানো মোক ক্ষমা কৰিব ?
বগা কাপোৰৰ মাজত পাৰিবা জানোঁ মোক চাব ?
শান্তিৰ সমাধি লাগে মোক,
যাৰ কোলাত শুই থাকিম চিৰকাল ।
যদি মৃত্যু এক শিল্প হয় ,
তেন্তে আঁকানা মোৰ মৃত্যুৰ শিল্প ।

অ' মা.....ক'ত তুমি ?
মোক অলপ মৰম কৰা , ধন বুলি আকৌ মাতা!
মৃত্যুৰ কোলাৰ পৰা মোক লোৱা,
মোৰ হৃদয়ৰ দুখবোৰ মচি দিয়া ,
মোক আকৌ জীৱন দিয়া !
তুমিয়ে মোৰ জননী , মোৰ পৃথিৱী ।
অ' মা বৰ কষ্টত আছো অ' মই...বৰ কষ্টত.....

ණৰূপজ্যোতি

Picture courtesy: Toppr.com

Saturday 8 April 2017

সময়



সময় , ৰৈ যাবা নেকি আৰু অলপ ?

ভূমুকি মাৰিবৰ মন গৈছে অ' অতীতত ,

কিজানিবা বিচাৰি পাওঁ হেৰোৱা সপোনবোৰ |

হেৰা সময় , দিবা নেকি অলপ সময় মোক ???....

আজি খুব মন গৈছে অ' দেউতাৰ চকুত মোকলৈ দেখা সপোন চাবলৈ |

মাৰ কোলাত এপলক শুবলৈ .....|

সেয়া চোৱা মায়ে মোক মাতিছে অতীতৰ পৰা !

দেউতাই চিঞৰিছে , "ধন এইফালে আহ বুলি....." |

তুমি কিয় নুবুজা অ' , সময় |

অলপতো অপেক্ষা কৰা মোলৈ |

দুখে কোঙা কৰা শৰীৰ কিম্বা স্বপ্নবোৰ ভাঙি গুৰি হোৱা অতীত | 

তাৰ মাজত মৰি মৰি জীয়াই আছো , সপোনৰ তাৰনাত চিঞৰিছো...|

হেৰা সময় ঘুৰি চোৱা মোলৈ , দি যোৱা মোক দুপলক , 
অতীত চাবলৈ |

পাৰিবানে দিব ??....

পাৰা যদি ঘুৰাই দিয়া মোৰ সময় |

পাৰা যদি জীৱন দিয়া মোক ,
মায়ে ৰৈ আছে আজিও মোলৈ..!

আৰু দেউতাই , মোকলৈ আজিও সপোন দেখে হেনো !

দিয়ানা এপলক সময়, 
মা-দেউতাৰ সতে কিছু কান্দিবলৈ , কিছু হাহিবলৈ |

হেৰা সময় , দিবানে মোক তুমাৰ সময় ?.


উত্সৰ্গা : মৰমেৰে মা-দেউতাৰ হাতত |

                            ණৰূপজ্যোতি

Wednesday 8 March 2017

অ' লগৰী



                     ক'লা এন্ধাৰে আৱৰা বুকু মোৰ ,
তোমাৰ অস্তিত্ব বিচাৰি নাপাওঁ কেনিও ,
কতেনো  আছা তুমি ?.

হেৰোৱা সময়ৰ ঠিকনা বিচাৰি

পাগল হৈ পৰিছো আজি !
             সুগন্ধি ফুলৰ গোন্ধ ,
উমাল দিনৰ মৰমবোৰ ,
বিচাৰি চলাথ কৰিছো |
কিন্তু নাপাওঁ কেনিওঁ |
অ' মোৰ লগৰী কতনো আছা তুমি ?.
যি ফালে চকু দিও দেখো ধুৱলি-কুৱলি ,
মৰমৰ আচল ধৰি সময়ৰ পিছ লওঁ ,
          কিজানি তোমাক বিচাৰি পাওঁ |
                      পদুলি মূৰত ৰৈ থকা প্রেম মোৰ ,
                        নাপালে তোমাৰ হৃদয়ৰ কোঠা |
                                  সঁচাকে ভাগৰি পৰিছো তোমাক বিচাৰি ,
কতেনো আছা অ' লগৰ তুমি ???....


                                                          ණৰূপজ্যোতি

Wednesday 5 October 2016

সপোন কুঁৱৰী


          মোৰ কবিতাৰ সপোন কুঁৱৰীজনী.....
           
 ক'ত আছা নাজানো তুমি ???....
               কেতিয়া আহিবা মোৰ জীৱনলৈ ???....
                   ৰৈ আছো দুহাত মেলি..........!
                      আৰু নোৱাৰো অকলশৰীয়া জীৱন লৈ !
                          কেতিয়া আহিবা অ' ????....
                               বৰ অকলশৰীয়া মই !!!!!......



                                             ණৰূপজ্যোতি 

Thursday 14 July 2016

Thoughts

শব্দবোৰ বিচাৰিছো, ক'তনো হেৰাল জানো | 

নামি আহা শব্দ প্লাৱন , সেই প্লাৱনত বৰশী বায় লৈ আহিম

শব্দৰ দৰিকনা, যাৰ নাম দিম কবিতা |

মন নদী হয়, মৰম সুতী বয়, ঢৌবোৰো তাত হয় সাথৰ |

সমূখত যেতিয়া তোমাক দেখো, সকলো হতাশা মোৰ প্রেৰণা হয় |

ক'বানে কিয় এনে হয়, যদি প্রেম নহয় তেনে এয়া কি হয় ???....

 সচাকে আজিও তোমাৰ নামত মোৰ হিয়াত ৰঙা গোলাপ ফুলে , সচাকে !!!!!....


Monday 6 June 2016

ছয়নিকা আৰু কিছু প্রেম

         


পাণ্ডু কলেজৰ মিছ ছয়নিকা,
তোমাৰ বাবে আমিবোৰ বলিয়া।
তুমি আমাৰ সপোনৰ মমতাজ,
যাৰ কথা ভাবি আমিবোৰও চাহজাহান হওঁ,
সাজোঁ বুকুত তাজমহল।
তোমাক দেখা পালে বুকুত অজুত সপোন জাগি উঠে।
তোমাক এপলক চাবৰ বাবে মনটোৱে হাহাকাৰ কৰে।
তোমাৰ দীঘল চুলিত লগোৱা Sunslik Shampo ৰ সুবাসে আমাক মাতাল কৰে।
অস্লীল হৈ পৰিব বিচাৰে মনটোৱে .....!!!
তুমি আমাৰ কলেজ ভাৰ্জিন।
তোমাৰ হাতৰ লিহিৰী আঙুলি,
কালাৰ্দ ওঁঠৰ বেকা হাঁহি,
তোমাৰ কাজলসনা দুচকুৰ চাৱনি,
কিম্বা তোমাৰ দেহৰ ভৰা যৌৱন,
আমাৰ বাবে এক এৰাৱ নোৱাৰা নিচা।
আমি এলকহল নাখাওঁ কিম্বা ধূমপান নকৰো,
তথাপি আমি মাতাল তোমাৰ যৌৱনৰ নিচাত।
তোমাক দেখিলে স্তব্ধ হব বিচাৰে পাণ্ডু কলেজৰ সময়।
আমাৰো বুকুৰ মাজত বাজি উঠে DDLJ ৰ চুপাৰ হিট গান।
তোমাক ওচৰত দেখিলে বন্ধ হৈ যায় আমাৰ হাৰ্ট বিট।
মৰি যাম , মৰি যাম যেন লাগে তোমাৰ বাবে।
কেতিয়াবা লৰ্ড বাইৰণৰ অৰ্থ নুবুজা ৰোমান্তিক কবিতাওঁ আবৃত্তি কৰিবৰ মন যায় তোমাৰ বাবে।
তুমিতো আমাৰ হৃদয়ৰ অনুৰণ।
যাৰ বাবে আজি শিকিব ধৰিছো প্রেমৰ ব্যাকৰণ।
তুমি খোজানা এবাৰ,
দি দিম জীৱনটো।
মৰিও যাম প্রেমত,
তোমাৰ নামত।


ණৰূপজ্যোতি