Friday 11 September 2020

জীৱনৰ প্ৰহেলিকা


    ()

যদিও কণ্ঠৰুদ্ধ মই,

হেজাৰ শব্দৰ আৰ্তনাদ মনত

যদিওবা শান্ত মই,

বিশাল ধুমুহাৰ গৰ্জন হৃদয়ত

জীৱনৰ প্ৰহেলিকাত প্ৰেমৰ আৰ্তনাদ !

এক অসত্যৰ চায়া-ছবিত,

মোৰ মৃত আত্মাৰ বিলাপ


    ()

কাচৰ ৰংঘৰ সাজি ভাগৰি পৰিছোঁ,

তোমাৰ মাজতে তোমাক বিচাৰি চলাথ কৰিছোঁ

হেৰোৱা সপোনবোৰৰ পম খেদি দৌৰিছো,

উকা কাচৰ ৰংঘৰ সেই সপোনেৰে সজাব খুজিছোঁ


    ()

স্তিমিত জীৱনত সপোনৰ প্ৰত্যাশা,

প্ৰকৃতিৰ চক্ৰবেহু ভেদী দৌৰে মোৰ সপোন ঘোঁৰা

নতুন প্ৰজন্মৰ ৰণুৱা মই,

আগত সপ্তৰথীক হৰুৱাব জানো মই


    ()

সভ্যতাৰ বজাৰত জ্ঞান নিলাম হোৱাৰ দষ্টাবেজ

জ্ঞানৰ মুখা পিন্ধি অজ্ঞানী ৰজাই সোণালী সপোন দেখাই !

অধম ৰজাৰ জ্ঞানী প্ৰজাই নিলাম কৰে মানৱতা,

ভদ্ৰতাৰ মুখাৰ আৰত নিৰ্লজ্জ্য সভ্যতা !


ৰূপজ্যোতি

Picture courtesy: Nituparna Rajbongshi

Saturday 15 August 2020

গণতন্ত্ৰ


মেকিং কৰি ব্রেকিং কৰা নিউজৰ পৃথিবীত আমি,

সত্য বিচাৰি খাওঁ হাবাথুৰি,

সকলো ফালে মাথো অসত্যৰ ছায়া-ছবি

এয়া নেকি গণতন্ত্রত অধিকাৰ ?

' ন্যায় বিচাৰি জনগণে কৰে হাহাকাৰ

স্বাধীন ৰাষ্ট্ৰত পংগু স্বাধীনতা,

নিজৰ প্ৰাপ্য বিচাৰি  ভাগৰুৱা জনতা !

কালসৰ্প ৰূপত শাসক,

অন্ধ ন্যায়ালয় হয় নিঠৰ !


ক্ষুধাতুৰৰ কাতৰ বিননি,

দাম্ভিক শাসকৰ মিছা প্ৰতিশ্ৰুতি

মাজনিশা কাৰ চিঞঁৰ ?

কাৰো হাতত নাই খবৰ

বিলাতী সুৰাৰ নিচাত ৰঙীন সময়,

মিছা দেশ প্ৰেম, মিছা এই সময়

ৰুগ্ন সমাজত কিহৰ কোলাহল ?

এয়াটো এক অসত্যৰ দাবানল,

' গণতন্ত্ৰ এক বেশ্যা, ভণ্ড শাসকৰ

 

ৰূপজ্যোতি


Picture courtesyNituparna Rajbongshi


বি.দ্ৰ.: স্বাধীনতা(?) দিৱসৰ শুভকামনা জ্ঞাপন কৰিলো, স্বাধীনতাৰ বুজ লওঁতে আমাৰ ৭৪ বছৰ গ' কিন্তু অনিয়ম অনাচাৰহে নগল। এয়া কি স্বাধীনতা'ত সমঅধিকাৰ নাথাকে, গণতন্ত্ৰ মূল্য নাথাকে, বুজি নাপাওঁ এয়া কেনেকুৱা স্বাধীনতা !

Saturday 8 August 2020

প্ৰিয় কবিতা


চক্ৰাকাৰ জটিল জীৱনৰ অন্ধকাৰ খেদি,
মোৰ হৃদয়ত তুমি দিয়া পোহৰৰ ৰেঙণি
বাৰিষাৰ বৰষুণে তোমাৰ কথাকে কয়,
দুহাত মেলি দিছো তোমালৈ এয়া আমাৰ সময়
তোমাৰ প্ৰতিটো শব্দত মই মন্ত্ৰমুগ্ধ,
তোমাৰ নামত মোৰ সময় হয় স্তব্ধ
তুমি নদী হৈ মোৰ হৃদয় সাগৰত বিলীন হোৱা,
শালিকী পুৱাৰ 'দহৈ মোক জগোৱা
জীৱনৰ শব্দৰে লিখা,
তুমি এটি মোৰ প্রিয় কবিতা
মোৰ অশ্ৰুসিক্ত উজাগৰী ৰাতিত তুমি সঙ্গিনী,
ব্যৰ্থতাৰ গ্লানিৰ মাজত তুমি আশাৰ ৰেঙণি
আকৌ সপোন দেখিছোঁ নতুনকৈ ;
আমাৰ  সপোন, নতুন জীৱনৰ সপোন,
নতুন সময়ৰ সপোন
খোজ দিছো তোমাৰ লগত সময়ৰ সোঁতত,
বিচাৰি সংজ্ঞা আমাৰ জীৱনৰ.....

বি.দ্র.: কবিতাটো  তোমাৰ হাতত মৰমেৰে  দিলো ,আমাৰ এটা প্ৰিয় কবিতা ।

ৰূপজ্যোতি

Friday 3 July 2020

জীৱনৰ মায়াজাল



                    ()
অব্যক্ত হতাশাত তিক্ত জীৱন পৰিক্ৰমা,
নিৰ্লজ্জ সময়ৰ ক্ৰুৰতাত ব্যৰ্থ হয় পৰিকল্পনা
হিংসাত্মক শূণ্যতাত কম্পিত মনত,
জাগ্ৰত হেজাৰ ব্যৰ্থতাৰ শ্লোগান
নিৰ্মম সত্যৰ কৃষ্ণগহ্বৰত হেৰাই জীৱনৰ গান

                    ()
বিষাক্ত ৰঙৰ মায়াজালত জীৱন বন্দী,
ভাগৰুৱা আজি 'লা ৰঙৰ ৰামধেনু খেদি !
ৰঙীণ সময়ৰ আশাত বিধস্ত সপোন,
অনাকাংক্ষিত আকাংক্ষাত বিব্ৰত জীৱন
ভগ্ন শব্দৰে উষ্ম আৱেগত জীৱনৰ চিঞৰ

                   ()
মনত তিক্ততা, বিষাদৰ ৰং ;
হতভম্ব আজি দেখি তোমাৰ বৰণ !
সভ্যতাৰ বজাৰত তোমাৰ ৰং উপলব্ধ,
কিন্তু মোৰ বিষাদৰ ৰং নহয় সহজলভ্য
'লা সময়ত হেৰাই যায় বৰ্তমান,
সত্যৰ পম খেদি পালোঁ অসত্যৰ উমান

ৰূপজ্যোতি

Picture courtesy: Pallavi Dhekial Phukan