Tuesday 12 June 2018

স্তম্ভটোৰ কথাৰে



আজিৰ পৰা প্রায় ৭১ বছৰ আগত এটা স্তম্ভ নিৰ্মান হৈছিল, স্তম্ভটো নিৰ্মাণৰ ক্ষেত্রত চৰকাৰ আৰু বিশেষজ্ঞসকল খুব সাবধান হৈছিল | এইটো এনেকুৱা 'ছলিড' কৰিব খোজা হৈছিল যে , যিমান ডাঙৰ দুৰ্যোগ আহিলেও যাতে ইয়াৰ পতন নহয় |

দিন যোৱাৰ লগে লগে স্তম্ভটোৰ সমাদৰ সমাজত বাঢ়িব ধৰিলে | স্তম্ভটো কেন্দ্র কৰিয়ে প্রতিবাদ, ধৰ্ণা , বিতৰ্ক, মেল-মিটিং আদি হ'বলৈ ধৰিলে |

লাহে লাহে স্তম্ভটো দুৰ্বলহৈ পৰিল, যি ফালে বতাহ দিয়ে সেই ফালে হাঁওলি পৰা হ'ল | এনেদৰে ইফাল-সিফাল কৰি থাকোতে এদিন স্তম্ভটোৱে তাৰ ভাৰসাম্য হেৰুৱাই পেলালে আৰু ভাগি চূৰ্ণ-বিচূৰ্ণ হৈ পৰিল | 

স্তম্ভটোৰ ধংস হোৱা দেখি মানুহবোৰ আচৰিত হৈ পৰিল | কিছুমান মানুহে ইমান মজবুত স্তম্ভ এটা কেনেকৈ ভাগি গ'ল বুলি সামাজিক মাধ্যমত আলোচনা কৰাত ব্যস্ত হ'ল | স্তম্ভৰ ৰক্ষণাবেক্ষণৰ দায়িত্বত থকা সকলে ইজনে সিজনৰ গাত দোষ দিবলৈ ধৰিলে | তথাকথিত 'মিডিয়া'ই বতাহৰ গতিতে গতি সলাব ধৰিলে, 'টক শ্ব' পাটিলে, ইজনে সিজনক গালি দিলে | বহুতে আকৌ স্তম্ভ নিৰ্মানতে কেলেংকাৰী হোৱা বুলি দাবী কৰিলে !
কিন্তু কিছুমান মানুহে ভাবিলে স্তম্ভটোহে ভাঙিছে , কিনো ডাঙৰ কথা ! মোৰটো ঘৰটো ভঙা নাই ?. স্তম্ভ ভঙাত মোৰ কি আহে-যায় !

হয়টো সময়ৰ লগে লগে স্তম্ভ ভঙা কথাটো সকলোৱে পাহৰি যাব, কিন্তু ৭১ বছৰৰ পুৰণি স্তম্ভটোৰ সপোনবোৰ কি হ'ব ?.

ණৰূপজ্যোতি

বি.দ্র. : শ্রদ্ধাৰ শশী ফুকন দেবৰ এটা লেখাৰ ছাঁ লৈ .

No comments:

Post a Comment

Thank you for your love and support.